গোৱালপাৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান, ৬৬৭টা পৰিয়ালৰ ঘৰ-দুৱাৰৰ ওপৰত চৰকাৰৰ বুলড’জাৰ

গোৱালপাৰা জিলাৰ হাচিলাবিল অঞ্চলত চৰকাৰৰ উচ্ছেদ অভিযানে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযানত প্ৰায় ১৫০০ বিঘা ভূমিত বসবাস কৰি অহা ৬৬৭টা পৰিয়ালৰ ঘৰ-দুৱাৰৰ ওপৰত চলিছে চৰকাৰৰ বুলড’জাৰ। জিলা প্ৰশাসনৰ তৰফৰ পৰা দুদিন পূৰ্বে জাৰি কৰা জাননীৰ পিছত এই কাৰ্যসূচী হাতত লোৱা হৈছে।

জিলা প্ৰশাসনে জাৰি কৰা জাননীৰ পিছত প্ৰায় ৩০ শতাংশ লোকে নিজৰ ঘৰ-বাৰী নিজে আঁতৰাই লৈছে। কিন্তু যিসকল লোকে নিজৰ সম্পত্তি আঁতৰোৱা নাছিল, তেওঁলোকৰ ঘৰ-দুৱাৰৰ ওপৰত প্ৰশাসনৰ বুলড’জাৰ চলিছে। উল্লেখযোগ্য যে, এই অঞ্চলত প্ৰায় ৭০-৮০ বছৰ ধৰি বসবাস কৰি অহা এই পৰিয়ালসমূহে চৰকাৰৰ পৰা বিদ্যুৎ, চৰকাৰী বিদ্যালয় আৰু অন্যান্য সা-সুবিধা লাভ কৰি আহিছিল। কিন্তু আজিৰ এই উচ্ছেদ অভিযানত তেওঁলোকৰ সেই ঘৰবোৰ ভাঙি চুৰমাৰ কৰা হৈছে। ভঙা ঘৰখনৰ কাষত বহি চকুলো টুকিচে বৃদ্ধাই। কোনোবাই আকৌ কোলাত কেচুঁৱা লৈ বহি ৰৈছে প্ৰখৰ ৰ’দত। চৌদিশে কেৱল কান্দোনৰ ৰোল।

উল্লেখযোগ্য যে, পূৱা ৫ বজাৰ পৰা চলা এই উচ্চেদ অভিযানত জিলা প্ৰশাসনে ২০ খন এস্কেভেটৰ ব্যৱহাৰ কৰিছে । এই অভিযানত প্ৰায় পাঁচখনকৈ বিদ্যালয়, মচজিদ আদিতো উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে। স্বাধীনতাৰ দিনৰ পৰা বসৱাস কৰা বুলি দাবি কৰি অহা উচ্ছেদিত সকলে তেঁওলোকক পুনৰ সংস্হাপনৰ ব্যৱস্হা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।

assambest news portal in assamdnortheastEVICTIONGOALPARAtop news portal in north east
Comments (0)
Add Comment