গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২২-২৩ বৰ্ষৰ উদ্যোগত দ্বাসপ্ততিতম গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীৰ উন্মোচনী অনুষ্ঠান ৩১ অক্টোবৰ ২০২৫ শুক্ৰবাৰে বিয়লি ৩ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত এক গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত কৰা হয়।বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানটোত বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হৈ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্রজ্বলন কৰি শুভাৰম্ভ কৰে।
সৌৰভ দেউৰীৰ সম্পাদনাত প্ৰকাশ পোৱা ৭২ তম এই আলোচনীখনত প্ৰবন্ধ, কবিতা, গল্প, গৱেষণা অন্তৰ্দৃষ্টি, আৰু শিক্ষাৰ্থীৰ দৃষ্টিভংগীকে ধৰি অন্যান্য সমৃদ্ধ লেখা সংগ্ৰহ একত্ৰিত কৰিছে।
অনুষ্ঠানত আলোচনীখন উন্মোচন কৰে অসমৰ বিশিষ্ট ভূতত্ত্ববিদ, পৰিৱেশবিজ্ঞানী, সাহিত্যিক-লেখক তথা অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে । ভাষণ প্রসংগত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্ণাঢ্য ইতিহাস, সভ্যতা-সংস্কৃতি, সমাজ আৰু জীৱনৰ ওপৰত আলোকপাত কৰে। দুবৰী কাশ্যপে আঁত ধৰা অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২২-২৩ বৰ্ষৰ উপ সভাপতি নিৰঞ্জন বৰাই।উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্রমে বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক জগদীশ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি, বাণিজ্য বিভাগৰ অধ্যাপক ক্ৰমে প্ৰশান্ত শৰ্মা আৰু ভাস্কৰ বৰা, অসমীয়া বিভাগৰ অধ্যাপক বিভা ভৰালী তথা ২০২২-২৩ বৰ্ষৰ সাহিত্য বিভাগৰ তত্ত্বাৱধায়ক আৰু অধ্যাপক দীপামণি হালৈ মহন্ত আৰু বিশিষ্ট সুকুমাৰকলাবিদ আৰু সাহিত্য সমালোচক অংকুৰ ডেকা । সভাত আমন্ত্ৰিত আটাইকেইগৰাকী অতিথিয়ে নিজৰ বক্তব্য ৰখাৰ লগতে আলোচনীখনৰ সম্পাদক সৌৰভ দেউৰীয়ে আলোচনীখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তথা এই যাত্ৰাত সহায় আগবঢ়োৱা সকলোক ধন্যবাদ জ্ঞাপন কৰে। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক তথা প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী উপস্থিতি থাকে । নিৰঞ্জন বৰাই শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানত আলোচনীখনৰ সন্দৰ্ভত এক আলোকপাত কৰে।