কেইবাজনো অসম সন্তান জিলিকিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত

শুকুৰবাৰে ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিভিন্ন শিতানৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে শুকুৰবাৰে নতুন দিল্লীত এখন সংবাদমেলযোগে বিজয়ীসকলৰ নাম ঘোষণা কৰে। অভিনয়, পৰিচালনা, সংগীত, আৰু প্ৰডাকচন আদি বিভিন্ন শাখাত আগবঢ়োৱা এই বঁটাসমূহ নতুন দিল্লীৰ নেছনেল মিডিয়া চেণ্টাৰত জুৰীৰ সদস্যসকলে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে। শ্বাহৰুখ খানে জৱান আৰু বিক্ৰান্ত মেছিয়ে 12th Fail ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে যুটীয়াভাৱে এই বঁটা প্ৰদান কৰা হৈছে। আনহাতে Mrs Chatterjee Vs Norway ৰ ছৱিৰ যোগেদি শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে ৰাণী মুখাৰ্জীয়ে ।

উল্লেখযোগ্য যে, এইবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ কেইবাটাও শাখাত কেইবাজনো অসমীয়াই গৌৰৱ কঢ়িয়াই আনিছে। দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণ কমল বঁটাৰে সন্মানিত হৈছে যশস্বী চলচ্চিত্ৰ সমালোচক উৎপল দত্ত। পৰিচালকৰ প্ৰথম নন-ফিচাৰ চিত্ৰৰ শ্ৰেষ্ঠত্বৰ শাখাত “Mau: The Spirit Dreams of Cheraw” শীৰ্ষক মিজো তথ্যচিত্ৰৰ বাবে স্বৰ্ণ কমল বঁটা লাভ কৰিছে পৰিচালিকা শিল্পীকা বৰদলৈয়ে। শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিছে আদিত্যম শইকীয়া পৰিচালিত “ৰঙাটাপু ১৯৮২” নামৰ ছবিখনে। শ্ৰেষ্ঠ টাই ফাকে চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিছে প্ৰবাল খাউণ্ড পৰিচালিত “Pai Tang: Step Of Hope” নামৰ ছবিখনে। শ্ৰেষ্ঠ জীৱনীমূলক ঐতিহাসিক‌ সংকলন নন-ফিচাৰ চলচ্চিত্ৰৰ শাখাত ৰজত কমল বঁটা লাভ কৰিছে সঞ্জীৱ পৰাশৰ পৰিচালিত “Lentina Ao – A Light on the Eastern Horizon” নামৰ ছবিখনে।

assamASSAMESE ARTISTBEST ARTISTbest news portal in assamdnortheastNARIONAL FILM AWARDtop news portal in north east
Comments (0)
Add Comment