কিংবদন্তি চিকিৎসক কেনেথ ভি ডডছনৰ মৃত্যু



যোৰহাটৰ মিছন হাস্পতালৰ ইতিহাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক উজ্জ্বল নাম—ডাঃ কেনেথ ভি ডডছন। চিকিৎসা কেৱল তেওঁৰ পেছা নাছিল, সেয়া আছিল মানৱ সেৱাৰ এক আজীৱন ব্ৰত। ২৪ বছৰৰো অধিক সময় ধৰি যোৰহাটত হাজাৰ হাজাৰ ৰোগীক নতুন জীৱন দান কৰা এই কিংবদন্তি চিকিৎসক এতিয়া স্মৃতিৰ পাতত। ১০০ বছৰ বয়সত আমেৰিকাৰ নিউয়ৰ্কত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই মৃত্যুৰ খবৰে যোৰহাটৰ লগতে অসমত শোকৰ ছাঁ পেলাইছে। এই সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন।১৯২৬ চনৰ ১০ মাৰ্চত আমেৰিকাৰ নিউয়ৰ্কত জন্মগ্ৰহণ কৰা ডাঃ কেনেথ ভি ডডছনে চিকিৎসক হিচাপে কেৱল নিজৰ দেশতেই নহয়, ভাৰততো এক অনন্য দৃষ্টান্ত স্থাপন কৰিছিল। পত্নী ছেলীৰ সৈতে খ্ৰীষ্টান মিছনেৰী হিচাপে ভাৰতলৈ আহি তেওঁ যোৰহাট খ্ৰীষ্টান মেডিকেল চেণ্টাৰ, অৰ্থাৎ মিছন হাস্পতালত চিকিৎসা সেৱা আৰম্ভ কৰে।মেডিচিন আৰু শল্য চিকিৎসাৰ ক্ষেত্ৰত অসাধাৰণ পাৰদৰ্শিতা থকা ডাঃ ডডছনে নিজৰ কাৰ্যকালত ১১ হাজাৰৰো অধিক অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰিছিল। যোৰহাট, গোলাঘাট, শিৱসাগৰ, নাগালেণ্ডকে ধৰি বিস্তৃত অঞ্চলৰ ৰোগীয়ে তেওঁৰ ওচৰত চিকিৎসাৰ বাবে আহিছিল। কেৱল সেয়াই নহয়, বহু চিকিৎসা শিক্ষাৰ্থী আৰু স্বাস্থ্যকৰ্মীয়ে তেওঁৰ হাত ধৰি শল্য চিকিৎসাৰ প্ৰশিক্ষণ লাভ কৰিছিল।
ডা: ডডছনৰ কাৰ্যকালতে মিছন হাস্পতালত শল্য চিকিৎসা বিভাগৰ সম্প্ৰসাৰণ আৰু বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়ন সাধন হৈছিল। ২৪ বছৰ ধৰি নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ পাছত ১৯৮১-৮২ চনত তেওঁ পৰিয়ালসহ আমেৰিকালৈ উভতি যায়। পাছত কলগেট ৰ’চেষ্টাৰ ক্ৰ’জাৰ ডিভিনিটি স্কুলত সেৱা আগবঢ়াই ২০০০ চনত অৱসৰ গ্ৰহণ কৰে। ২০১১ চনত তেওঁক “ডিষ্টিংগুইচড এলুমনি” সন্মানেৰে সন্মানিত কৰা হৈছিল।
১০০ বছৰ বয়সত তেওঁৰ মৃত্যু খবৰে যোৰহাট মিছন হাস্পতাল, তেওঁৰ সহকৰ্মী, প্ৰাক্তন শিক্ষাৰ্থী আৰু অসংখ্য শুভাকাংক্ষীয়ে গভীৰ শোকৰ ছাঁ প্ৰকাশ কৰিছে।ডাঃ কেনেথ ভি ডডছনৰ জীৱন কেৱল এজন চিকিৎসকৰ কাহিনী নহয়, ই হৈছে মানৱ সেৱা, ত্যাগ আৰু নিষ্ঠাৰ এক উজ্জ্বল ইতিহাস।

assambest news portal in assamd north eastdnortheasttop news portal in north east
Comments (0)
Add Comment