কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণৰ্মে জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিক ধ্বংস কৰাৰ লক্ষ্যৰে ভাৰতে গ্ৰহণ কৰা অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ এমাহ পিছত পোন প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভাৰতৰ পৰা পোনে পোনে চাইপ্ৰাছত উপস্থিত হৈ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে ব্যৱসায়িক বৈঠক অনুষ্ঠিত কৰি বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষাৰ দৰে ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে।

চাইপ্ৰাছ ভ্ৰমণ সামৰি কানাডাত অনুষ্ঠিত হৈ থকা G7 শীৰ্ষ সন্মিলনিত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো দ্বি-পাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

বিগত এক দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিশ্বৰ শীৰ্ষ নেতাসকল কানাডাত উপস্থিত হৈছে ৷ কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণমৰ্মে তিনিখন দেশৰ ভ্ৰমণসূচীত সম্প্ৰতি ব্যস্ত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে সন্ধিয়া কানাডাত উপস্থিত হয় । কানানাস্কিত অনুষ্ঠিত হৈ থকা g7 সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰমাগত ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিছে ।

এই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে G7 দেশৰ নেতা, আমন্ত্ৰিত দেশৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীসকলৰ সৈতে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব ৷ বিশেষকৈ এ আই-শক্তিৰ সংযোগ আৰু কোৱাণ্টাম সম্পৰ্কীয় বিষয়সমূহে এই সমাৱেশত প্ৰাধান্য লাভ কৰিব বুলি বৈদেশিক মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ।

assambest news portal in assamcanadadnortheastG7 SUMMITNarendra Moditop news portal in north east
Comments (0)
Add Comment