কংগনাই কয় বিৰোধীৰ ইছ‍্যু নাই,সুপ্ৰিয়াৰ ভাষণত মোদীৰ প্ৰশংসা

চলিত লোকসভাৰ বৰ্ষাকালীন অধিবেশনত বিভিন্ন সময়ত বিভিন্ন বিষয় উপস্থাপন কৰি বিৰোধীয়ে সদন উত্তাল কৰি তুলিছে। অপাৰেশ্যন সেন্দূৰ, বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ অনুশীলন আদিকে ধৰি কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি প্ৰতিদিনেই বিৰোধীয়ে সদনত হুলস্থুলৰ সৃষ্টি কৰি আহিছে । সোমবাৰে সদনত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অপাৰেচন সিন্দুৰক লৈ এক বিশেষ আলোচনাৰ আয়োজন কৰা হৈছিল । এই সময়ছোৱাত বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ বিপৰীতে ক্ষান্ত হৈ নাথাকিল শাসক পক্ষেও । যুক্তিসংগতভাৱে শাসক পক্ষইয়ো দাঙি ধৰিলে অপাৰেচন সিন্দুৰৰ সময়ত চৰকাৰে হাতত লোৱা প্ৰতিটো পদক্ষেপৰ খাতিয়ান । সংসদত বিৰোধী পক্ষই সংসদত কৰা এনে অদ্ভূত আচৰণৰ বিৰোধ কৰি এইবাৰ বিৰোধীক তীব্ৰ আক্ৰমণ কৰে বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটে । বিৰোধীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰি সাংসদ গৰাকীয়ে কয় যে বিৰোধীৰ আন কোনো ইছ্যু নাই । সমান্তৰালকৈ কংগনা ৰাণাৱটে বিৰোধীতা বিৰুদ্ধে দেশৰ জোৱান সকলক অপমান কৰা আৰু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক সংবেদনহীন কৰি তোলাৰো অভিযোগ উত্থাপন কৰে ।

ইফালে শাসক পক্ষই বিৰোধী সদস্যসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ‌ কৰাৰ সময়তেই এগৰাকী বিৰোধী সাংসদক প্ৰশংসাৰে উপচাই পেলাইছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে । অপাৰেচন সিন্দুৰক লৈ শাসক বিৰোধীৰ মাজত বাকী বিতণ্ডা চলি থকাৰ সময়তেই অপাৰেচন সিন্দুৰ সন্দৰ্ভত চৰকাৰৰ সমৰ্থনত বক্তব্য প্ৰদান কৰে ncp শাৰদ পাৱাৰ ফৈদৰ সাংসদ সুপ্ৰিয়া সুলেই । তেওঁ কয় যে অপাৰেচন সিন্দুৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ বিৰোধী নেতাসকলৰ ওপৰত বিশ্বাস প্ৰদৰ্শন কৰিছিল । এইয়া প্ৰধানমন্ত্ৰী গৰাকীৰ মহানতা বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে।

সাংসদ সুপ্ৰিয়া সুলেৰ বক্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্দেশ্যৰ শলাগ লোৱা উচিত বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উল্লেখ কৰিছে ।

assamASSEMBLYbest news portal in assamdnortheastPARLIAMENTtop news portal in north east
Comments (0)
Add Comment