এবিধ মচলা এই মচলাত আছে বহুকেইটা গুণ

এইবিধ মচলাই স্বাস্থ্য ৰক্ষাত কেনেদৰে সহায় কৰে।

খাদ‍্য প্ৰস্তুত কৰা সময়ত সাধাৰণতে যিবোৰ মচলা ব‍্যৱহাৰ কৰা হয় সেইবোৰৰ ভিতৰত অন্য়তম হৈছে ডালচেনি। বিশেষকৈ নিৰামিষ খাদ্যত এইবিধ মচলা ব্য়ৱহাৰ কৰিলে সোৱাদৰ লগতে সুগন্ধি বৃদ্ধি পায় ।
ডালচেনি মচলা হিচাপে ব্য়ৱহাৰ কৰিলেও ইয়াত শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থৰ লগতে ভিটামিন আদি পোৱা যায় । ডালচেনিত প্ৰ’টিন, কাৰ্বোহাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, পটাছিয়াম, আৰু কেৰটিনৰ লগতে ভিটামিন এ, বি, আৰু কে আদি উপলব্ধ ।
ডালচেনিৰ আছে এণ্টিভাইৰেল,এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ফাংগেল গুণ । এইবিধ মচলাই স্বাস্থ্য ৰক্ষাত কেনেদৰে সহায় কৰে সেইবিষয়ে আজি আমি আপোনালোকক জনাম
শৰ্কৰা নিয়ন্ত্ৰণ কৰে
ডালচেনিয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বিশেষজ্ঞসকলে উল্লেখ কৰা মতে, ইনছুলিনৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে । এইবিধ মচলাই ব্যায়ামৰ সময়ত গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰে । তদুপৰি খাদ্য গ্ৰহণৰ পিছত তেজৰ সোনকালে শৰ্কৰা বৃদ্ধি পাব নোৱাৰে । বিশেষকৈ টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে মচলাবিধ উপকাৰী বুলি কোৱা হয় । ৰিচাৰ্ছগেটৰ মতে, ইনছুলিনৰ ফলপ্ৰসূতা বৃদ্ধি বা কোষীয় গ্লুক’জ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিবলৈ ডালচেনি ব্যৱহাৰ কৰিব পাৰি । সেইবাবে খাদ্য় তালিকাত এইবিধ মচলা অন্তৰ্ভুক্ত কৰিব লাগে ।


পাচন শক্তি স্বাভাৱিক কৰে :
বিশেষজ্ঞসকলে কয় যে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰম্পৰাগতভাৱে ডালচেনি ব্যৱহাৰ কৰা হয় । এইবিধ মচলাই পেট ফুলা, বদহজম, এচিডিটি আদি সমস্যাৰ পৰা সকাহ দিয়ে । চাইন্স ডাইৰেক্টৰ মতে, ডালচেনিয়ে বয়সৰ লগত জড়িত মগজুৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলায় ।
ওজন নিয়ন্ত্ৰণ:
ডালচেনিয়ে পৰোক্ষভাৱে শক্তিৰ মাত্ৰা বৃদ্ধি কৰে আৰু ভোক কমোৱাত সহায় কৰিব পাৰে । এই ক্ষেত্ৰত সুষম খাদ্য আৰু ব্যায়ামৰ লগতে ডালচেনি সেৱন কৰিলে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ গৱেষণাই ডালচেনি পৰিপূৰক হিচাপে গ্ৰহণ কৰিলে বিএমআই আৰু শৰীৰৰ ওজন বহু পৰিমাণে হ্ৰাস পাব পাৰে বুলি উল্লেখ কৰিছে ।
ক’লেষ্টেৰল নিয়ন্ত্ৰণ:
বিশেষজ্ঞসকলে কয় যে ডালচেনিয়ে বেয়া ক’লেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ বিপৰীতে ভাল ক’লেষ্টেৰল বৃদ্ধি কৰে ।
৩০ দিন ডালচেনিৰ পানী খালে তেজৰ শৰ্কৰাৰ মাত্ৰা সুস্থিৰ কৰা, হজম শক্তি উন্নত, বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰা আদি উপকাৰ হ’ব পাৰে; কিন্তু ইয়াৰ ফলত নিশাটোৰ ভিতৰতে ওজন হ্ৰাস নাপায় বা স্বাস্থ্যৰ বিশেষ পৰিৱৰ্তন নহ’বও পাৰে । সদায় মধ্যমীয়াভাৱে সেৱন কৰাৰ লগতে স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত

Comments (0)
Add Comment