এজন হিতাধিকাৰীৰ আই ডি নম্বৰত চৰকাৰী গৃহ লাভ আন এজন হিতাধিকাৰীৰ

দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিগত সময়ত দৰিদ্ৰৰ নামত আৱন্টিত চৰকাৰী গৃহ আঁচনিত অনিয়ম, স্বজন, তোষণ আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ বহুদিনীয়া। শেহতীয়াকৈ পঞ্চায়তখনত আন এক অনিয়মৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে, যি শুনিলে আপোনাৰে চকু কপালত উঠিব।

অভিযোগ অনুসৰি পঞ্চায়তখনৰ হৰিপুৰ গাঁৱৰ প্ৰফুল্ল ডেকাৰ আই ডি নম্বৰ ব্যৱহাৰ কৰি সেই একেখন পঞ্চায়তৰেই অন্য এজন হিতাধিকাৰীৰ নামত গৃহ আৱন্টন দিয়া হৈছে। প্ৰায় তিনিমাহ আগতে প্ৰফুল্ল ডেকাই পঞ্চায়তলৈ গৈ নিজৰ আই ডি নম্বৰত অন্য লোকে গৃহ আৱন্টিত ধনৰ প্ৰথম কিস্তি বেংকৰ পৰা উলিয়াই নিয়া বুলি জানিব পাৰি কিংকৰ্তব্য বিমোৰ হৈ পৰে। পিছত ঘটনা সন্দৰ্ভত প্ৰফুল্ল ডেকাই ছিপাঝাৰৰ খণ্ড উন্নয়ন বিষয়াৰ ওচৰত আবেদন দাখিল কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহন নকৰা বুলি প্ৰকাশ কৰে। ইফালে চাৰিজনীয়া পৰিয়ালটোৰ জীৱিকাৰ একমাত্ৰ সম্বল প্ৰফুল্ল ডেকাই আজি গাঁও পঞ্চায়তলৈ গৈ সচিবক লগ ধৰিব নোৱাৰি কৰ্মচাৰী সকলক নিজৰ গৃহটো পোৱাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ প্ৰাৰ্থনা জনায়। পঞ্চায়ত কৰ্মচাৰীৰ চৰম হেমাহিৰ বাবে আনৰ আই ডি নম্বৰত অন্য লোকে গৃহ লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰফুল্ল ডেকাই ।

assambest news portal in assamdnortheastPM AWAS YOJANAsipajhartop news portal in north east
Comments (0)
Add Comment