জুবিন বিহীন প্ৰথমটো দিপাৱলী অসমবাসীয়ে আজি পালন কৰিছে। নাই কোনো উৎসাহ নাই কোনো আনন্দৰ ঢল। বিষাদৰ চকুলো বোৱাই জুবিনৰ গীতেৰে পাৰ কৰা গৈছে দিপাৱলীৰ আনন্দ।
দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয়। দীপাৱলী জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় সকলো ধৰ্মৰ মানুহে পালন কৰে । হিন্দু ধর্মৰ আটাইতকৈ উজ্বল উৎসৱ দীপাৱলী । পোহৰ হৈছে জ্ঞানৰ প্ৰতীক আৰু এই জ্ঞানে মানুহৰ ভিতৰত থকা ভয়, ভ্ৰান্তি আদি আঁতৰাই তোলে ।
হিন্দু ধর্মৰ মতে, পৌৰাণিক কথা অনুসৰি ভগৱান পুৰুষোত্তম ৰামে যেতিয়া লংকাপতি ৰাবনক হৰুৱাই ১৪ বছৰ বনবাসৰ পিছত মা সীতাক অযোধ্যালৈ ঘূৰাই আনিছিল সেই দিনা আছিল ঘোৰ অমাবস্যা ৷ এক দীঘলীয়া সময়ৰ পিছত ৰাম আৰু সীতা ঘৰলৈ ঘূৰি অহাত সকলো অযোধ্যাবাসীৰ মন আনন্দিত হৈ উঠিছিল ৷ সেয়ে সেই অমাৱস্যাৰ নিশাকো উজ্জ্বলাই তুলিবলৈ অযোধ্যাৰ প্রতি ঘৰ লোকে নিজৰ নিজৰ ঘৰৰ সন্মুখত জ্বলাই তুলিছিলি চাকি বন্তি ৷ আৰু সকলোৰে বিশ্বাস অনুসৰি সেই দিনাৰে পৰা উদযাপন কৰা হয় দীপাৱলী ৷
দীপাৱলী বুলি কলে সমগ্ৰ ভাৰতবৰ্ষতে উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয় । বজাৰ সমাহতো কৰাৰ ভিৰ দেখা পোৱা যায়।
দীপাৱলীৰ কেইদিনমান আগৰে পৰা মানুহে নিজৰ ঘৰ- দুৱাৰ পৰিষ্কাৰ কৰি তোলে। বজাৰত চাকি, বন্তি,
বিভিন্ন আকাৰৰ লাইট সমূহ কিনিবলৈ দোকান বোৰত ভিৰ দেখা যায়। দীপাৱলীৰ নিশা ঘৰ, দোকান, পথ আৰু বিল্ডিং সমূহ বিভিন্ন ৰঙীন লাইট আৰু চাকিৰে সজোৱা হয়। কণ কণ লৰা-ছোৱালীবিলাকে দীপাৱলীৰ আনন্দত ফটকা, ৰকেট, ফুলঝৰি আদিয়েৰে উৎসৱটো উপভোগ কৰে। লগতে সকলোৰে ঘৰত সু-স্বাদু মিঠাই জালেপি আদি মিঠাই প্রস্তুত কৰা হয়। লগতে পৰিয়াল, বন্ধুবৰ্গ আৰু আত্মীয়জনৰ মাজত এই মিঠাই বোৰ আদান-প্ৰদানৰ মাজেৰে পোহৰৰ এই উৎসৱক সৰ্বত্ৰ আনন্দৰে উদযাপন কৰা হয়।