ইলন মাস্কৰ “ড্ৰেগনত” উৰা মাৰিব শুভাংশু শুক্লা

কোৱা হয় যে history repeats itself _ বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটে ৷ এই কথাষাৰ  যেন পুনৰ প্রমাণ হ’বলৈ গৈ আছে ৷বিগত ৪১ বছৰত ৰহস্যময় মহাকাশত অজস্র আশ্চর্য্যজনক মহাক্তগতকি ঘটনা সংঘটিত হোৱাৰ পাছত ভাৰতৰ মহাকাশ বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটাবলৈ সাজু হৈছে ভাৰতীয় বায়ুসেনা বাহিনীৰ আন এজন বিষয়া তথা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা ৷ আজিৰ পৰা ৪১ বছৰ পূর্বে ১৯৮৪ চনৰ ২ এপিলত ৰাছিয়াৰ ছয়ুজ ৰকেটত উঠি ভাৰতীয় বায়ুসেনা বাহিনীৰ স্কোৱাড্ৰন লীডাৰ ৰাকেশ শৰ্মাই এই অভূতপূর্ব ইতিহাস ৰছিচিল , যি আজিও সোনালী আখৰেৰে খুদিত ৷ এই ইতিহাস শুভাংশু শুক্লায়ে পুনৰ ৰছিবলৈ গৈ আছে মংগলবাৰে অর্থ্যাৎ কাইলৈ ৷ মংগলবাৰে বিয়লি ৫ বাজি ৫২ মিনিটত আমেৰিকাৰ ফ্লৰিডাৰ কেনেডী স্পেচ চেন্টাৰৰ পৰা মহাকাশালৈ উৰা মাৰিব শুভাংশু ৷

 ইতিপূৰ্বে বিভিন্ন কাৰিকৰী কাৰণত দুবাৰকৈ স্থগিত হৈছিল এই অভিযান ৷ ইলন মাস্কৰ কোম্পানী স্পেচ এক্সৰ দ্বাৰা নৱনিৰ্মিত ড্ৰেগনৰ এয়া হ’ব প্রথমটো মহাকাশ যাত্রা ৷ ড্রেগনক কঢ়িয়াই লৈ যাবলগীয়া নাছাৰ ফেলকন-৯ ৰকেটৰ শীর্ষত ড্রেগনক সংযোগ কৰাৰ পাছত, যাত্ৰাৰ ২৪ ঘণ্টাৰ পূৰ্বৰ পৰা আৰম্ভ হৈছে কাউণ্টডাউন ৷

    ‘এক্সিঅ’ম-৪’  বা ‘এ এক্স-৪’ হিচাপে নামকৰণ কৰা এই মহাকাশ যাত্ৰাত ভাৰতীয় নভোচৰ শুভাংশুৰ সংগী হ’ব তিনিজন ৷ এওঁলোক হ’ল নাছাৰ মহাকাশচাৰী পেগি হুইটছন, পেগি থাকিব মিছন কমাণ্ডাৰ হৈ ৷ লগতে বিশেষজ্ঞ হিচাপে সংগী হ’ব হাংগেৰীৰ টাইবাৰ কাপু আৰু পোলেণ্ডৰ শ্লাউছজ উজনানস্কি উইছনিৱেউস্কি ৷ ভাৰতীয় নভোচৰ শুভাংশু শুক্লা হ’ব এই অভিযানৰ পাইলট ৷

শুভাংশু আৰু ৩ সতীর্থৰ এই মহাকাশ যাত্ৰা হ’ব ২৮ ঘন্টাৰ ৷ ভাৰতে শুভাংশু শুক্লাৰ এই মহাকাশ যাত্ৰাৰ বাবে ব্যয় কৰিছে ৫০০ কোটি টকা ৷ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু স্পেচ এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ শেহতীয়া সংঘাতত পুনৰ ‘এক্সিঅ’ম-৪’ৰ যাত্ৰা পুনৰ অনিশ্চিত হৈ পৰিছিল যদিও বৰ্তমান সকলো যথাযথভাৱেই আগবাঢ়ি আছে।

DNortheast Shubhanshu ShuklaNASA news Shubhanshu ShuklaNASA update by Shubhanshu ShuklaShubhanshu ShuklaShubhanshu Shukla articlesShubhanshu Shukla astrophysicsShubhanshu Shukla DNewsShubhanshu Shukla NASAShubhanshu Shukla scienceShubhanshu Shukla spaceShubhanshu Shukla space newsspace research Shubhanshu Shukla
Comments (0)
Add Comment