নাগপুৰৰ জীয়ৰী দিব্যা দেশমুখে জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত ফিডে মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় আৰু ৮৮তম ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈছে।
জৰ্জিয়াৰ বাতুমি চহৰত অনুষ্ঠিত মহিলা বিশ্ব দাবা কাপৰ ফাইনেলত ক’নেৰু হাম্পীক টাই-ব্ৰেকাৰত পৰাস্ত কৰি কাপৰ গৰিমা অৰ্জন কৰে দিব্যাই। ইয়াৰ সৈতে, মহিলা বিশ্ব দাবা কাপ জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে ইতিহাস গঢ়ে ১৯ বছৰীয়া দিব্যা দেশমুখে।
৩০ জুলাই অৰ্থাৎ বুধবাৰে কাপ জয় কৰি নিজৰ ঘৰ নগপুৰলৈ উভতিলেই দিব্যাক উষ্মভাৱে আদৰণি জনায় নগপুৰবাসীয়ে। বিমানবন্দৰতো উল্লাসত ভাগ লয় বহু লোক।
এই জয়েৰে দিব্যাই কেৱল বিশ্ব কাপেই নহয়, গ্ৰেণ্ডমাষ্টাৰ উপাধিও লাভ কৰে আৰু একে সময়তে কেণ্ডিডেটছ টুৰ্নামেণ্টত অংশগ্ৰহণৰ যোগ্যতা লাভ কৰে।
সংবাদ মাধ্যমিক নিজৰ অনুভৱ প্ৰকাশ দিব্যাই কয়, “বহুতেই শুভেচ্ছা জনাবলৈ আহিছে। দাবা খেলৰো এতিয়া স্বীকৃতি বা মৰ্যাদা বাঢ়িছে।”দিব্যাই কয়, “মোৰ বিজয়ৰ অংশীদাৰ মোৰ মাতৃ-পিতৃ,ভগ্নী আৰু সমগ্ৰ পৰিয়াল লগতে মোৰ প্ৰথম শিক্ষক ৰাহুল জোশী ছাৰলৈ এই জয় উৎসৰ্গা কৰিছোঁ।”
জি.এম. অভিজিত কুন্তেক নিজৰ সৌভাগ্যৰ তৰা বুলি উল্লেখ কৰে দিব্যাই। তেওঁ কয়, “অভিজিত ছাৰ থাকিলে মই বিজয়ী হওঁ।”ভৱিষ্যৎ পরিকল্পনাৰ বিষয়ে দিব্যাই কয় যে, আগষ্ট মাহটো অলপ বিশ্ৰাম ল’ম, ছেপ্টেম্বৰত উজবেকিস্তানৰ সামাৰকাণ্ডত অনুষ্ঠিত হ’ব লগা গ্ৰেণ্ড ছুইচত অংশ ল’ম। প্ৰতিযোগিতা হ’ব ছেপ্টেম্বৰ ২-১৬ তাৰিখলৈ।