ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় অসামৰিক সন্মান

২০২৬ চনৰ ৭ জুলাইত ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় অসামৰিক সন্মান “Bintang Republik Indonesia Adipurna” প্ৰদান কৰা হয়। এই সন্মান জাকাৰ্টাত আনুষ্ঠানিকভাৱে প্ৰদান কৰে।ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ বন্ধুত্ব, কৌশলগত অংশীদাৰিত্ব, বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক সহযোগিতা আৰু কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৱদানৰ স্বীকৃতি হিচাপে ইণ্ডোনেছিয়া চৰকাৰে তেওঁক “Bintang Republik Indonesia Adipurna” সন্মানেৰে সন্মানিত কৰে। এই সন্মান ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান আৰু দেশৰ একতা, সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত বিশেষ অৱদান ৰখা ব্যক্তি বা বিদেশী নেতাসকলক প্ৰদান কৰা হয়।
এই সন্মান লাভ কৰি নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়াৰ এই সৰ্বোচ্চ সন্মান লাভ কৰা ভাৰতৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী হয়। ইয়াৰ আগতে জৱাহৰলাল নেহৰুৱে লাভ কৰিছিল এই সন্মান।

Comments (0)
Add Comment