আহি আছে চেৰাপুঞ্জীৰ গীত , উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম নৈসৰ্গিক মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ ৰাজ্য , পৰ্যটকৰ আকৰ্ষণস্থলী মেঘালয়ক লৈ
এইবাৰ চেৰাপুঞ্জীৰ গীত ।
বিশিষ্ট সংগীত শিল্পী নীলিম জ্যোতি বৰুৱাৰ গীতৰ কথা আৰু সুৰেৰে শ্ৰোতা ৰাইজৰ মন মুহিব পৰাকৈ সংগীত ব্যৱস্থাপনা কৰিছে সংগীত পৰিচালক মানস হাজৰিকাই । D NEWS আৰু D Northeast ৰ পৰিচালনা সঞ্চালক ৰমেন চমুৱাৰ ভিডিঅ পৰিকল্পনাৰে খুব সোনকালে সংগীত প্ৰেমী সকলে লাভ কৰিব চেৰাপুঞ্জীৰ গীত ।
পশ্চিমীয়া সংগীতেৰে ভৰপূৰ মেঘালয়ক লৈ ৰচনা কৰা এই গীতৰ জৰিয়তে সংগীত প্ৰেমী ৰাইজে পশ্চিমীয়া সংগীতৰ কিছু মিশ্ৰন লাভ কৰাৰ লগতে দৰ্শকে আদৰি লব বুলি গীততোৰ লগত জড়িত সকলো আশাবাদী ।