অসমৰ অন্যতম প্ৰধান জনজাতীয় জনগোষ্ঠী মিচিংসকলে আজি উদযাপন কৰিছে তেওঁলোকৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। এই উৎসৱ মিচিং সমাজৰ জীৱন-জীৱিকাৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয় আৰু এই দিনটো মিচিংসকলে অত্যন্ত শুভ তথা লখিমী দিন হিচাপে গণ্য কৰে।
এই শুভক্ষণৰ পৰাই আহুধানৰ বীজ সিঁচাৰ আৰম্ভণি কৰা হয়। শস্যৰ অধিক উৎপাদন আৰু সমৃদ্ধিৰ কামনাৰে বিশেষকৈ নৈপৰীয়া মিচিংসকলে এই উৎসৱ উদযাপন কৰে। আলি আঃয়ে লৃগাং কেৱল কৃষিকৰ্মৰ আৰম্ভণিৰ সূচনা নহয়, ই সমাজত ঐক্য, সম্প্ৰীতি আৰু পাৰস্পৰিক সহযোগিতাৰ সাঁকো গঢ়ি তোলে।
উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই ‘দঞিপল’ (সূৰ্য-চন্দ্ৰ)ৰ নাম লৈ স্তুতি গীত গোৱা হয়। এই গীতৰ জৰিয়তে পূৰ্বপুৰুষৰ মৃত আত্মাক সন্তুষ্ট কৰাৰ লগতে শস্যক্ষেত্ৰত উন্নত উৎপাদন আৰু পৰিয়ালৰ কুশল-মংগল কামনা কৰা হয়। ভোজন পৰ্বত কৌপাতত বান্ধি সিজোৱা বৰা চাউলৰ পুৰাং, মাছ, গাহৰিৰ মাংস, আপং আদি বিশেষ খাদ্য পৰিবেশন কৰা হয়। এই উৎসৱত পৰঃ আপং বিশেষভাৱে ব্যৱহাৰ কৰা হয়।
আলি আঃয়ে লৃগাংক শস্য সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। আগতে ফাগুন, চ’ত বা ব’হাগ মাহৰ যিকোনো এটা দিনত এই উৎসৱ পালন কৰা হৈছিল। কিন্তু ১৯৫৬ চনত মিচিং বানে কেবাং (তেতিয়াৰ নানে কেবাং)য়ে ফাগুন মাহৰ প্ৰথম বুধবাৰে উৎসৱ পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। তেতিয়াৰ পৰাই এই দিনটো স্থায়ীভাৱে নিৰ্ধাৰিত হয়।
আজি গোমৰাগ চঃমান আৰু ঐঃনিতমৰ সুৰেৰে মুখৰিত হৈ উঠিছে মিচিং জনবসতি অঞ্চলসমূহ। পুৱাৰে পৰা ডেকা-গাভৰু, বোৱাৰী, শিশু আৰু বয়োজ্যেষ্ঠ সকলে একেলগে আনন্দ-উল্লাসৰে আলি আঃয়ে লৃগাং উদযাপন কৰিছে।
‘আলি আঃয়ে লৃগাং’ শব্দৰ অৰ্থ হৈছে— আলি মানে মূল বা আলু, আঃয়ে মানে ফল বা গুটি, আৰু লৃগাং মানে শস্যৰ বীজ সিঁচা বা ৰোপণৰ আৰম্ভণিৰ দিন। এই উৎসৱে মিচিং সমাজৰ কৃষিভিত্তিক সংস্কৃতি, আধ্যাত্মিকতা আৰু ঐক্যবদ্ধ জীৱনধাৰাৰ এক সুন্দৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰে।