আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উদ্বোধন

ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহৰ দ্বাৰা আমিনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি । এই প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই শ্ৰদ্ধাঞ্জলিমূলক প্ৰয়াসে মহা মানৱ মহাত্মা গান্ধীৰ দৰ্শনৰ প্ৰতি আস্থা প্ৰকাশৰ লগতে নৱপ্ৰজন্মক তেওঁৰ সত্তাক অনুধাৱনৰ ক্ষেত্ৰত উৎসাহিত কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী গৰাকী ৷

আনহাতে ইয়াৰ পিছতেই ৰাইজৰ বিনোদনৰ বাবে আমিনগাঁৱতেই নিৰ্মাণ কৰা শৰাইঘাট হ্ৰদ উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত ৰূপায়ণ কৰা এই প্রকল্পটোৰ বাবদ মুঠ ৫.৯৬ কোটি টকা ব্যয় কৰা হৈছে। প্রায় ৭ বিঘা ৪ কঠা ভূমি সামৰি এই প্রকল্পত পর্যটনকেন্দ্রিক আন্তঃগাঁথনি নিৰ্মাণৰ লগতে সেউজ পৰিবেশসহ অৱসৰ-বিনোদনৰ বহু সা-সুবিধা আছে। এই প্রকল্পত বাঁহৰ ছাঁ ঘৰ, ফুড ক’ৰ্ট, শিশুৰ খেলা-ধূলাৰ স্থান, আলোকসজ্জা আদি সংযোজন কৰা হৈছে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে শৰাইঘাট হ্রদত কিছুসময়ৰ বাবে নৌকাবিহাৰো কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বিধায়ক ভৱেশ কলিতা, দিগন্ত কলিতা, পর্যটন বিভাগৰ আয়ুক্ত-সচিব দিগন্ত বৰা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, কামৰূপৰ জিলা আযুক্ত দেৱ কুমাৰ মিশ্রসহ বহুলোক উপস্থিত থাকে ।

assambest news portal in assamdnortheasthimanta biswa sarmatop news portal in north eastTOURISM
Comments (0)
Add Comment