আপোনাৰ স্বাস্থ্য, আমাৰ অগ্ৰাধিকাৰ

বাৰিষাৰ সময়ত উতলা পানী খোৱা আৰু বাহিৰৰ কটা ফল নোখোৱাটো অতি জৰুৰী। ইয়াৰ উপৰিও দৈনিক ৩০ মিনিট খোজ কাঢ়িলে ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।বাৰিষা কালত ডায়েৰিয়া আৰু ডেংগুৰ প্ৰকোপ বাঢ়ে। সাৱধান হ’বলৈ উতলা পানী খাওক, চাৰিওফাল চাফা ৰাখক আৰু ম’হৰ কামোৰৰ পৰা নিজকে বচাই ৰাখক। মনত ৰাখিব, প্ৰতিৰোধেই প্ৰতিকাৰতকৈ উত্তম।

স্বাস্থ্য সচেতনতাৰ কেইটামান টিপচ্:

প্ৰতিটো আহাৰত ফল-মূল, শাক-পাচলি, গোটা শস্য আৰু প্ৰ’টিন ৰাখক।
জাংক ফুড আৰু চেনি সেৱন এৰাই চলক।

দিনত ৮-১০ গিলাচ পানী খাওক। ই হজম শক্তি আৰু ছালৰ বাবে অতি উত্তম।

দিনে ৩০ মিনিট খোজ কঢ়া, যোগাসন বা ব্যায়ামে শৰীৰ সক্ৰিয় ৰাখে আৰু হৃদযন্ত্ৰ সুস্থ কৰে।

৭-৮ ঘণ্টা ভাল টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু মন ভাল ৰাখে।

উশাহৰ ব্যায়াম, ধ্যান বা পছন্দৰ কাম কৰি মন শান্ত ৰাখক।

সময়ে সময়ে ডাক্তৰৰ পৰামৰ্শ লৈ স্বাস্থ্য পৰীক্ষা কৰাওক।

ধূমপান, মদ্যপান আৰু শোৱাৰ আগত মোবাইল চোৱা কমাওক।

একেলগে বেছি নাখাই সৰু সৰু ভাগত সঘনাই খাওক। ওজন নিয়ন্ত্ৰণত থাকিব।

সৰু সৰু অভ্যাসেই দীৰ্ঘদিনীয়া সুস্বাস্থ্যৰ চাবিকাঠি।

Comments (0)
Add Comment