কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে মেঘালয় ভ্ৰমণৰ বাবে শিলচৰত উপস্থিত হয় । উন্নয়নমূলক পদক্ষেপসমূহ পৰ্যালোচনা কৰা, উদ্যোগীকৰণক প্ৰসাৰ কৰা, আৰু মেঘালয়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাই আছিল তেওঁৰ এই ভ্ৰমণৰ লক্ষ্য । লগতে উত্তৰ-পূব কনক্লেভৰ দৰে বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।
বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া মেঘালয় ভ্ৰমণলৈ অহা নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনি সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকতো অধ্যক্ষতা কৰে। এই আঁচনিখনে ১২ মাহৰ বাবে পেইড ইন্টাৰশ্বিপৰ বাবে মাহিলী ৫,০০০টকা আৰ্থিক সাহায্য আৰু ৬,০০০টকা এককালীন অনুদান প্ৰদান কৰে। মেঘালয় ভ্ৰমণত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ছিজ ভিলেজৰ শিপাৰ দলং পৰিদৰ্শন কৰে । লগতে ছিজ ভিলেজৰ পেমেণ্ট ফৰ ইক’চিষ্টেম চাৰ্ভিচেছ কাৰ্যসূচীৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিছিল। এই কাৰ্যসূচী সম্প্ৰদায়টোৰ নেতৃত্বত সংৰক্ষণ আৰু বহনক্ষম জীৱিকাক উৎসাহিত কৰা এক উল্লেখযোগ্য পদক্ষেপ বুলি গণ্য কৰা হৈছে।
ইয়াৰ উপৰিও নিৰ্মলা সীতাৰমণে মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাও উপস্থিত থাকে । উক্ত অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ৰাজ্যজুৰি ৭২ টা ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰে আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ভেটি স্থাপন কৰে । SASCI, মাউখানু ফুটবল ষ্টেডিয়ামৰ অধীনত পুঁজিৰে উমিয়াম হ্ৰদৰ পুনৰ উন্নয়ন, SASCI ৰ অধীনত মাউখানুত MICE আন্তঃগাঁথনিৰ উন্নয়ন, SASCI, 2016 ৰ অধীনত শ্বিলং, জোৱাই, বায়ৰ্নিহাট আৰু তুৰাত থকা ৱৰ্কিং উইমেন’ছ হোষ্টেল আদি এই প্ৰকল্পসমবহৰ অন্তৰ্গত। মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত হোৱা Indian Institute of Corporate Affairsৰ নৰ্থ ইষ্ট কনক্লেভ ২০২৫ত ভাষণ প্ৰদান কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সীতাৰমণে নৰ্থ-ইষ্ট কনক্লেভ উদ্বোধন কৰাৰ লগতে আই আই এম শ্বিলঙত ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেয়াৰ্ছ চৌহদৰ আধাৰশিলাও স্থাপন কৰে।