আজি ভাৰতীয় ক্ৰিকেটৰ এজন অমৰ নায়ক মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ ৪৪তম জন্মদিন উদযাপন কৰিছে। সমগ্ৰ দেশ তথা ক্ৰিকেট প্ৰেমীসকলৰ মাজত ধোনীৰ জন্মদিন উপলক্ষে বিশেষ উল্লাস পৰিলক্ষিত হৈছে।
২০০৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ধোনীয়ে তেওঁৰ অসাধাৰণ নেতৃত্ব আৰু খেল প্ৰদৰ্শনৰ কৌশলে ভাৰতীয় দলক এক নতুন উচ্চতালৈ লৈ গৈছে। তেওঁৰ নেতৃত্বত ভাৰতে ২০০৭ ৰ T20 বিশ্বকাপ, ২০১১ৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ ৰ চেম্পিয়নছ ট্ৰফী জিকি ইতিহাস ৰচনা কৰিছে। ধোনিৰ শান্ত স্বভাৱ, ক্ষিপ্ৰ সিদ্ধান্তগ্ৰহণ ক্ষমতা আৰু হেলিকপ্টাৰ শ্বট আজিও ক্ৰিকেট অনুগামীৰ বাবে অনুপ্ৰেৰণা।
উত্তৰাখণ্ডৰ ৰাঁচীত জন্ম হোৱা ধোনি কেৱল এটা নাম নহয়, ধোনী হৈছে বিশ্ববাসীৰ এক অনুভূতি। জন্মদিন উপলক্ষে ছ’চিয়েল মিডিয়াত “Happy Birthday Mahi” হেচটেগেৰে শুভেচ্ছাৰ ঢৌ উঠা পৰিলক্ষিত হৈছে। যদিও ধোনী এতিয়া বেছিভাগ সময় ক্ৰিকেটৰ পৰা আঁতৰি আছে,, তথাপিও তেওঁ আই পি এলত চেন্নাই ছুপাৰ কিংছৰ সৈতে সংযুক্ত হৈ আছে। জনপ্ৰিয়তা আৰু জনপ্ৰেমত ধোনী আজিৰ সময়ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ ভিতৰত অন্যতম। জন্মদিনত সমগ্ৰ দেশবাসীয়ে কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিছে।