আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱস

প্ৰতি বছৰে ২৬ জুন তাৰিখে বিশ্বজুৰি পালন কৰা হয় বিশ্ব ড্ৰাগছ বিৰোধী দিৱস। এই দিৱসৰ মূল উদ্দেশ্য হ’ল মাদক দ্ৰব্যৰ অবৈধ ব্যৱহাৰৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰা আৰু ড্ৰাগছৰ পৰা মুক্ত এখন সমাজ গঢ়ি তোলা। ১৯৮৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিৱসটোক স্বীকৃতি দিয়ে । মাদকদ্ৰব্যৰ কুপ্ৰভাৱ কেৱল ব্যক্তিগত জীৱনতেই নহয়, পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰতো ই গভীৰ প্ৰভাৱ পেলোৱা দেখা যায়। মাদক দ্ৰব্যৰ গ্ৰাসত পৰি বহু যুৱক-যুৱতীয়ে নিজৰ উজ্বল ভবিষ্যৎ নষ্ট কৰি পেলায়। অপৰাধ, দুৰ্নীতি আৰু স্বাস্থ্যৰ সংকট বৃদ্ধিৰ মূল কাৰণৰ ভিতৰত মাদক দ্ৰব্য অন্যতম।

এই দিৱসত বিভিন্ন ৰাজ্যিক আৰু বেসচৰকাৰী সংস্থাই সচেতনতামূলক কাৰ্যসূচী আয়োজন কৰে। বিদ্যালয়, মহাবিদ্যালয় আৰু সমাজিক সংগঠনে নিচা বিৰোধী শপত, ৰেলী, ছেমিনাৰ আদি অনুষ্ঠিত কৰে। অসমতো এই দিৱস বিশেষ উৎসাহৰ সৈতে উদযাপন কৰা হয় ।

বিশ্ব ড্ৰাগছ বিৰোধী দিৱস আমাৰ বাবে এটা সুযোগ, যাতে আমি সমাজখনক মাদক দ্ৰব্যৰ পৰা মুক্ত কৰিবলৈ একেলগে আগবাঢ়ি যাঁও। ইয়াৰ সৈতে জড়িত সামাজিক, মানসিক আৰু শাৰীৰিক ক্ষতিৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰাটো আমাৰ দায়িত্ব।

anti drugassambest news portal in assamdnortheasttop news portal in north east
Comments (0)
Add Comment