আজি ধৰ্মগুৰু দালাই লামাৰ ৯০ সংখ্যক ওপজা দিন

দালাই লামা তিব্বতীয় বৌদ্ধ ধৰ্মৰ আটাইতকৈ উচ্চতম উপাধি। এই উপাধিধাৰীজনক তিব্বতীয় বৌদ্ধসকলৰ ধৰ্মীয় গুৰু বুলি গণ্য কৰা হয়। “দালাই” শব্দটোৰ অৰ্থ হৈছে “সমুদ্ৰ” আৰু “লামা” অৰ্থ “গুৰু” — সেয়েহে “দালাই লামা” মানে “জ্ঞানৰ সমুদ্ৰ সদৃশ গুৰু”।

বৰ্তমানৰ দালাই লামা, ১৪তম দালাই লামা, তেওঁৰ প্ৰকৃত নাম হৈছে Tenzin Gyatso । তেওঁৰ ২ বছৰ বয়সত তেওঁক ১৩তম দালাই লামাৰ পুনৰজন্ম ৰূপে চিনাক্ত কৰা হয়। ১৯৫৯ চনত চীনৰ অধীনস্থ তিব্বতৰ ৰাজনৈতিক সংকটৰ সময়ত দালাই লামাই ভাৰতত আশ্ৰয় লৈছিল আৰু তাৰপাছৰ পৰাই তেওঁ ধৰ্মশালাত বাস কৰি তিব্বতৰ স্বাধীনতাৰ বাবে শান্তিপূৰ্ণ আন্দোলন চলাই আছে। দালাই লামাৰ আজি ৯০ সংখ্যক ওপজা দিন। আজি জন্মদিন উপলক্ষ্যে দালাই লামাই কয় যে “মোৰ ৯০তম জন্মদিনৰ উপলক্ষে মই বুজিছোঁ যে বহু ঠাইত, বিশেষকৈ তিব্বতীয় সম্প্ৰদায়সমূহত, শুভাকাঙ্ক্ষী আৰু বন্ধু-বান্ধৱে মিলিত হৈ উদযাপন কৰিছে। আপোনালোকে মোৰ জন্মদিন উপলক্ষে যি কাৰ্যসূচীসমূহৰ আয়োজন কৰিছে, বিশেষকৈ যিসকল কাৰ্যসূচীয়ে দয়া, হৃদয়ৰ উষ্ণতা আৰু পৰহিতবোধৰ গুৰুত্ব প্ৰকাশ কৰিছে, তাৰ বাবে মই বিশেষকৈ কৃতজ্ঞ।”

assambest news portal in assamBirthdayDALAI LAMAdnortheasttop news portal in north east
Comments (0)
Add Comment