যোগৰ জৰিয়তে মানসিক শান্তি, জীৱনৰ গুণগত মান, আৰু সুস্থ জীৱন ধাৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰি । যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধন-পদ্ধতি, যাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত একতা তথা সামঞ্জস্য স্থাপন কৰা। “যোগ” শব্দটো সংস্কৃত যুজ ধাতুৰ পৰা আহিছে,, যাৰ অৰ্থ হৈছে সংযুক্ত হোৱা ।
আজি একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়া হৈছিল । এই দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত ভাৰতেই প্ৰস্তাৱ আগবঢ়াইছিল। তেতিয়াৰ পৰাই এই দিৱসটো যোগৰ গুৰুত্ব আৰু মানসিক-শাৰীৰিক সু-স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে পালন কৰা হৈছে। এই বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ ।
আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাখাপট্টনম অনুষ্ঠিত যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইষ্টাৰ্ণ নেভাল কমাণ্ডাৰৰ পৰিয়ালসহ প্ৰায় ১১ হাজাৰৰো অধিক নৌ সেনা জোৱানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিশাখাপট্টনমৰ যোগ দিৱসৰ কাৰ্যসূচীত অংশ লয় । এক বিশাল জন সমাগমৰ মাজত ডিঙিত অসম তথা অসমীয়াৰ স্বাভিমান গামোচা লৈ যোগাসন কৰা দেখা গ’ল প্ৰধানমন্ত্ৰী গৰাকীক । লগতে উপস্থিত থাকে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ।
আনহাতে বাক্সা জিলাত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । তেওঁৰ লগত অংশগ্ৰহণ কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰক্ষ্ম, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু মন্ত্ৰী ৰূপেশ গোৱালাই । এই বৰ্ণাঢ্য অনুষ্ঠানত যোগাসন কৰাৰ সমান্তৰালকৈ যোগাসনৰ তাৎপৰ্য সম্পৰ্কে মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে ।