আজিৰে পৰা ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰা

দেশত ভোটাধিকাৰৰ ৰক্ষা আৰু গণতান্ত্ৰিক মূল্যবোধক আগবঢ়াবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজিৰে পৰা “ভোটাৰ অধিকাৰ যাত্ৰা” আৰম্ভ কৰিছে । নাগৰিকসকলক নিজৰ ভোটাধিকাৰৰ প্ৰতি সজাগ কৰি তোলা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যৰে তিনি হাজাৰতকৈও অধিক সমৰ্থক আৰু স্থানীয় কংগ্ৰেছ কৰ্মীসকলৰ উপস্থিতিত এক বৰ্ণাঢ্য সমাৰোহৰ জৰিয়তে যাত্ৰাৰ সূচনা হয়। সছাৰামৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই প্ৰায় ১৬ দিনত ২০খন‌ জিলাৰ ১,৩০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব ।

এই যাত্ৰাত কংগ্ৰেছৰ লগতে INDIA Bloc’ৰ বিভিন্ন দলৰ নেতাসকলেও অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱ, CPI(ML)ৰ দীপাঙ্কৰ ভট্টাচাৰ্য আদিয়ে এই পদযাত্ৰালৈ সমৰ্থন জনাইছে। ১৬ দিনীয়া এই অভিযানৰ শেষৰ দিনটোত পাটনাৰ ঐতিহাসিক Gandhi Maidanত এক বিশাল সমাবেশৰ আয়োজন কৰা হ’ব। নতুন ভোটাৰ তথা যুৱ প্ৰজন্মক গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰাৰ চেষ্টাৰে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক কাৰ্যসূচী, নাট-মঞ্চন আৰু শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে এই অভিযানক অধিক আকর্ষণীয় কৰি তোলা হৈছে।

ৰাহুল গান্ধীয়ে যাত্ৰাৰ শুভাৰম্ভণিতেই কয় যে, “ভোট নাগৰিকসকলৰ শক্তিশালী অস্ত্ৰ। সঁচা গণতন্ত্ৰ গঢ়ি তুলিবলৈ প্ৰতিজন ভোটাৰে নিজৰ অধিকাৰ ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়।” তেওঁ লগতে কয় যে “আমি ভোট চুৰিৰ অন্ত পেলাই SIR যে সত্যতা উদঙাই দিম ।”

উল্লেখযোগ্য যে, ৰাহুল গান্ধীৰ “ভোটাৰ অধিকাৰ যাত্ৰা” বিহাৰৰ পৰা আৰম্ভ হলেও ইয়াৰ প্ৰভাৱ সমগ্ৰ দেশৰ গণতান্ত্ৰিক যাত্ৰাত এক গুৰুত্বপূর্ণ আহিলা হৈ উঠিব বুলি কংগ্ৰেছ নেতৃত্বই আশা প্ৰকাশ কৰিছে।

assambest news portal in assamdnortheastElection Commission of IndiaINDI ALLIANCERAHUL GANDHISIRtop news portal in north eastVOTERADHIKAR YATRA
Comments (0)
Add Comment