যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰেই মা কামাখ্যা মন্দিৰ পৰিচালিত হৈ আহিছে । সুচাৰুৰূপে পবিত্ৰ অম্বুবাচী মহাযোগ পালন আৰু ভক্ত সুৰক্ষাৰ বাবে সাজু প্ৰশাসন আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতি।
ভক্তৰ সুৰক্ষা বাবে বিশেষ নীতি-নির্দেশনা আৰু সতৰ্কতাও জাৰি কৰিছে মহানগৰ প্ৰশাসন আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে। অম্বুবাচী প্রবৃত্তি হ’ব ২২ জুন অৰ্থাৎ আজি দুপৰীয়া ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত ৷ ২২,২৩,২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব ৷এই কেইদিন মন্দিৰ পূজা স্থলীত আঁৰ কাপোৰেৰে ঢাকি দিয়া হব মা কামাখ্যাক। ২৬ জুনত পুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পিছত মন্দিৰৰ দুৱাৰ তীর্থ যাত্ৰীৰ বাবে মুকলি কৰা হ’ব ৷
২১ জুনৰ পৰা ৩০ জুনলৈ VIP Pass ৰ সুবিধা বন্ধ ৰখা হৈছে ৷ মহাযোগ সময় চোৱাত ভক্তসকলে গধূলি ৬বজাৰ পৰা নীলাচল পাহাৰত প্রবেশ কৰিব নোৱাৰিব ৷ সমান্তৰালকৈ ভক্তসকলৰ বাবে অস্থায়ী জিৰণি চ’ৰা, চিকিৎসা সেৱা, খোৱাপানীৰ ব্যৱস্থা, প্রসাবাগাৰ আদিৰ সুবিধা কৰা হৈছে ৷ কিন্তু নীলাচল পাহাৰৰ আশে পাশে তীর্থযাত্রীৰ বাবে থকা খোৱাৰ সুবিধা নাথাকিব ৷ লগতে এইবাৰ বিতৰণ কৰিব নোৱাৰিব কোনো ধৰণৰ খাদ্য সামগ্ৰী ৷
সময়ৰ গতিত কামাখ্যা মন্দিৰৰ চৌপাশৰ ৰূপ সলনি হৈছে যদিও ইয়াৰ অধ্যাত্মিক স্বৰূপ আজিও অক্ষয় অৱস্থাত আছে । যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰেই মা কামাখ্যা মন্দিৰ পৰিচালিত হৈ আহিছে । মা কামাখ্যা মন্দিৰকলৈ সময়ে সময়ে বিভিন্ন ধৰণৰ চৰ্চাই প্ৰাধান্য লাভ কৰে যদিও আস্থা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে আজিও মা কামাখ্যা মন্দিৰ সেই একেদৰেই আছে ।