অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ।
১ জুলাইত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। কিন্তু সেই অসম ভ্ৰমণসূচী বাতিল কৰিছে জাপানৰ প্ৰধামন্ত্ৰীত্ব গৰাকীয়ে। শেহতীয়াকৈ, ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে এই সন্দৰ্ভত। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাতিলৰ কাৰণ জাপানী সংসদৰ চলি থকা অধিৱেশন।তেওঁ আগমনৰ পৰা প্ৰস্থানলৈ সময় সীমা সীমিত হোৱাৰ বাবে দিল্লীতে ভ্ৰমণ কাৰ্যসূচী সীমাবদ্ধ থকাৰ সিদ্ধান্ত।নতুন দিল্লীতেই দ্বিপাক্ষিক ভাৰত-জাপান সন্মিলনত অংশ ল’ব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে।