লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক বিশেষ আলোচনা অব্যাহত আছে। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া বিশেষ আলোচনাৰ সূচনা কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে । এই আলোচনাৰ সময়ত বহু কেইগৰাকী সাংসদে অপাৰেচন সিন্দুৰ সন্দৰ্ভত নানান প্ৰশ্নৰ উত্থাপন কৰিছিল । মঙলবাৰে লোকসভাৰ পহলগাম আৰু অপাৰেচন সেন্দূৰ সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সদনত উদাত্ত কণ্ঠৰে মোদীয়ে কয় যে, মই ভাৰতৰ পক্ষ উপস্থাপন কৰিবলৈ আৰু ভাৰতক দেখা নোপোৱাসকলক আইনা দেখুৱাবলৈ থিয় হৈছো।
ভাৰতীয় সেনাৰ পৰাক্ৰমৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় অপাৰেচন সিন্দুৰৰ বিজয়োৎসৱ মানে ভাৰতীয় সেনাৰ শৌৰ্য্য আৰু শক্তিৰ বিজয় উদযাপন । পাকিস্তানক হুংকাৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই । পাকিস্তানে পুনৰ দুঃসাহস কৰিলে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে। অপাৰেচন সিন্দুৰৰ সফলতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ মুৰব্বীসকলৰ আজিও নিদ্ৰাহৰণ হৈ আছে বুলি মন্তব্য কৰে ।
কাৰণ প্ৰভাৱত চৰকাৰে অপাৰেচন সিন্দুৰ স্তব্ধ কৰিছিল? বিৰোধীয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত সদনত উত্থাপন কৰা প্ৰশ্নসমূহৰ মাজত অন্যতম আছিল এই প্ৰশ্নটো । তাৰেই উত্তৰ দিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় আমাৰ লক্ষ্য আমি সম্পূৰ্ণ কৰিছিলো । লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে কোনো বিশ্ব নেতাই অপাৰেচন সিন্দুৰ স্তব্ধ কৰিবলৈ কোৱা নাছিল । আনহাতে বিৰোধী কংগ্ৰেছক তুলা ধুনা দি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় বিষয়বস্তুৰ বাবে কংগ্ৰেছ পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে । লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত কংগ্ৰেছে পাকিস্তানক ক্লীনশ্বিট দিছে আৰু তেওঁলোকৰ শাসন কালত তুষ্টিকৰণ আৰু ভোটবেংক ৰাজনীতিৰ বাবে দেশত সন্ত্ৰাসবাদ জাগি উঠিল বুলিও অভিযোগ উত্থাপন কৰে ।