সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত ১১ নবেম্বৰৰ পৰা ৰাজ্যজুৰি অব্যাহত ৰাখিছে কৰ্মবীৰ্তি আৰু অৱস্থান ধৰ্মঘট। দাবীৰ বিপৰীতে ৰাজ্য চৰকাৰে অগভীৰতা দেখুৱাইছে বুলি সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
যোৱা ১১ নবেম্বৰৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতিবাদ এতিয়া অনিৰ্দিষ্টকাললৈকে দীঘলীয়া কৰিছে সংগঠনে। প্ৰথমে তিনিদিনীয়া কাৰ্যসূচী ঘোষণা কৰিছিল যদিও মুখ্যমন্ত্ৰী বা গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীয়ে কোনো গুৰুত্ব নকৰাত সন্থাই আন্দোলনৰ সময় সীমা অনিৰ্দিষ্ট কাললৈকে বৃদ্ধি কৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিভিন্ন কাম কাজ এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে৷ ৰাজ্যৰ আন আন জিলাৰ লগতে হোজাই জিলাতো প্ৰতিবাদ অব্যাহত ৰাখিছে কৰ্মচাৰী সকলে৷
হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ড বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত সভাপতি ধন বৰা আৰু সাধাৰণ সম্পাদক আব্দুল বাচিতৰ নেতৃত্বত শতাধিক কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘট পালনত অংশগ্ৰহণ কৰে। তেওঁলোকে অভিযোগ কৰে—১৬/১৭ হাজাৰ টকাত পৰিয়াল সমোহ পোহপাল দিব পৰা নাই । দিনে নিশাই বিভিন্ন কামত নিয়োজিত কৰ্মচাৰীয়ে সম কামৰ সম অধিকাৰ পোৱাৰ কথা থাকিলেও কোনো ধৰণৰ প্ৰাপ্য সুবিধা দিয়া নাই।
সন্থাৰ মুখ্য দাবীসমূহত আছে— তেওঁলোকৰ ৬০ বছৰলৈ চাকৰি সুনিশ্চিতকৰণ, আৰ পি প্ৰদান কৰা, এইচ আৰ পলিচী প্ৰযোজ্য কৰা, বছৰি ১০ শতাংশ দৰমহা বৃদ্ধি কৰা, ন্যুনতম ৩০ হাজাৰ টকাৰ এককালীন বেতন বৃদ্ধি, সম কামৰ সম দৰমহাৰ নিশ্চয়তা।
অন্য ৰাজ্যৰ লগতে সকলো জিলাতে একেৰাহে শান্তিপূর্ণ ধৰ্মঘট চলি আছে। বিভিন্ন উন্নয়ন খণ্ডৰ কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰাৰ ফলত সাধাৰণ জনতাৰ ওপৰতো প্ৰভাৱ পৰিছে। কৰ্মচাৰীসকলে আশা প্ৰকাশ কৰিছে যে—চৰকাৰে শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ লই তেওঁলোকৰ ন্যায়সঙ্গত দাবী সমোহ পূৰণ কৰিব।