অতি শীঘ্ৰেই ৰঙিয়াৰ ৮ নম্বৰ ৱাৰ্ডত নিৰ্মাণ হ’ব এখনি আটকধুনীয়া দলং

ৰঙিয়াত ৬ কোটি ৫৯ লাখ ৫৪ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এখন বিশেষ দলং। স্বাধীনোত্তৰ কালৰ পৰা কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮ নম্বৰ ৱাৰ্ডটো শেহতীয়াভাৱে ৰঙিয়া বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয়। ৮ নম্বৰ ৱাৰ্ডত আছে এখনি অতি গুৰুত্বপূৰ্ণ অৰ্ধ সাপ্তাহিক বজাৰ আৰু তাৰ কাষতেই আছে বৰলীয়া নৈৰ ওপৰৰ জৰাজীৰ্ণ দলং খন। জৰাজীৰ্ণ এই দলংখনৰ বাবে বহুদিনীয়া সমস্যাত ভুগি আহিছে ক্রেতা-বিক্রেতা সকলে। কিন্তু ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছতে বিধায়ক ভৱেশ কলিতাৰ তৎপৰতাত এইবাৰ এই দলং খনৰ সমস্যা সমাধান হোৱা দিশত।

অতি শীঘ্ৰে আৰম্ভ হ’ব৮ নম্বৰ ৱাৰ্ডৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা জৰাজীৰ্ণ দলঙৰ পুনৰ নিৰ্মাণৰ কাম । ইতিমধ্যে দলং খনৰ DPR প্ৰস্তুত আৰু নিবিদা প্ৰক্ৰিয়া হৈ গৈছে। কম দিনৰ ভিতৰতে ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে এখন আটকধুনীয়া দলং ৰঙিয়াবাসী ৰাইজে পাবলৈ সক্ষম হ’ব। বৰ্তমান প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পৰা নাই যদিও অতি শীঘ্ৰেই দলং খনৰ কাম আৰম্ভ হ’ব। লোক নিৰ্মাণ বিভাগৰ সূত্ৰই জনোৱা মতে বিগত মাহৰ ১৫ তাৰিখে দলংখনৰ নিবিদাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।নিৰ্মাণ হ’বলগীয় দলং খনৰ দৈৰ্ঘ্য- ৫১.৭১০ মিটাৰ ।

assambest news portal in assamdnortheastrangiatop news portal in north east
Comments (0)
Add Comment